মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ বিষয়ে

১৯৭২ বৰ্ষত কোম্পানী আইন, ১৯৫৬ অনুসৰি অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ গঠন হয়। ইয়াৰ প্ৰধান প্ৰশাসনিক বিভাগ হৈছে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ।

মূলধন গঠন

নিগমক এক বিধিবদ্ধ হিচাপে স্থাপন কৰা হয় আৰু অংশীদাৰিত্বৰ শ্বেয়াৰ মূলধন ১,০০,০০,০০০.০০ টকা(এক কোটি টকা) আৰু অংশীদাৰসকলৰ তলত দিয়া ধৰণে ভাগ কৰা হৈছে-

অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত

৯৯৯৮ সংখ্যক

অসম চৰকাৰৰ বিত্ত বিভাগ

১ সংখ্যক

সভাপতি, অসম মাধ্যমিত শিক্ষা পৰিষদ

১ সংখ্যক

 

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ কাৰ্য্যক্ৰম:

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰকাশ কৰিছে। চৰকাৰৰ নীতি অনুসৰি ওপৰোক্ত পাঠ্যপুথিসমূহক বিনামূলীয়া পাঠ্যপুথি হিচাপে বিতৰণ কৰা হয়।