মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

কাৰ্য্যাৱলী আৰু উদ্দেশ্যসমূহ

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰকাশ কৰিছে।

বিনামূলীয়া পাঠ্যপুথি ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে –

নিগমে এচিয়ালৈকে অসমীয়া, বেংগলী, বড়ো, মণিপুৰী, গাৰো, নেপালী, হামাৰ, কাৰ্বি আৰু ইংৰাজী এি নটা মাধ্যমৰ বাবে ২৪২ টা ভিন্ন শীৰ্ষকেৰে ২.২০ কোটিখন কিতাপ প্ৰকাশ কৰি উলিয়াইছে ইয়াৰ উপৰিও নিগমে আৰবিক, সংস্কৃত, বিষ্ণুপ্ৰিয়া, মণিপুৰী, তিৱা, মিচিং, টাই, ৰাভা আৰু দেউৰী ভাষাতো কিতাপ প্ৰকাশ কৰি উলিয়াইছে।

নৱম আৰু দশম শ্ৰেণীৰ বাবে বিনামূলীয়া পাঠ্যপুথি

নৱম আৰু দশম শ্ৰেণীৰ বাবে পাঁচটা মাধ্যম যেনে- অসমীয়া, বঙালী, বড়ো, ইংৰাজী আৰু মণিপুৰী ভাষাত পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। ইয়াৰোপৰি আৰবিক, সংস্কৃত, পাৰ্চী, উৰ্দু, নেপালী আৰু চান্তালী ভাষাতো কিতাপ উপলব্ধ আছে।

কাৰ্য্যাৱলীসমূহঃ
১) সৰ্ব শিক্ষা অভিযানৰ পৰা তালিকাভূক্তিৰ পৰিসংখ্যা সংগ্ৰহ কৰা।
২) অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা তালিকাভূক্তিৰ পৰিসংখ্যা সংগ্ৰহ কৰা।
৩) কাগজৰ অধিক্ৰয়ৰ বাবে ই-নিবিদা/ এন.আই.টি. মুকলি।
৪) কাগজ পৰীক্ষাৰ পৰীক্ষাগাৰৰ জৰিয়তে কাগজ পৰীক্ষাৰ প্ৰক্ৰিয়া।
৫) যোগান আদেশ জাৰি কৰা।
৬) পাঠ্যপুথি ছপা কৰাৰ বাবে মুকলি নিবিদা
৭) অৰ্হতাসম্পন্ন ছপাশালৰ নিৰ্বাচন
৮) মুদ্ৰণৰ আদেশ প্ৰদান কৰা
৯) ছপাৰ কাম আগবঢ়াটো নিৰীক্ষণ কৰা
১০) ছপাশালৰ পৰা আৰ্হি গ্ৰহণ কৰি সেইমতে মঞ্জুৰ কৰা।
১১) কাগজ আৰু ছপাৰ হিচাপ পত্ৰ প্ৰকৰণ।
১২) বিভিন্ন ছপাশালৰ পৰা লাভ কৰা পুথিৰ ৰাষ্ট্ৰীয় গোদামত সংগ্ৰহণ কৰা
১৩) ৰাষ্ট্ৰীয় গোদামৰ পৰা পাঠ্যপুথিসমূহ প্ৰয়োজন অনুসৰি শৈক্ষিক খণ্ডলৈ বিতৰণ কৰা।

উদ্দেশ্যসমূহঃ
উন্নতমানৰ পাঠ্যপুথি, যি মুদ্ৰণ আৰু প্ৰকাশনৰ ক্ৰুটিৰ পৰা মুক্ত আৰু যথা সময়ত অসমৰ ছাত্ৰসকলৰ মাজত উপলব্ধ হয় তাক নিশ্চিত কৰাটোৱেই অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ প্ৰাথমিক লক্ষ্য আৰু উদ্দেশ্য। প্ৰধানত এই লক্ষ্য আগত ৰাখি অসম চৰকাৰে এই নিগমৰ প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰে পৰা নিগমে পাঠ্যপুথিৰ প্ৰকাশ আৰু বিতৰন কৰি আহিছে, যি অসমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি প্ৰণয়নৰ কাৰণে প্ৰস্তুত কৰা হৈছে। পৰৱৰ্তী সময়ত নিগমে ১৯৮৬ বৰ্ষৰ পৰা ভাৰত চৰকাৰৰ দ্বাৰা পৰিকল্পিত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনিক সফলভাৱে ৰূপায়ন কৰি আহিছে। আৰু বৰ্তমান অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথি মুদ্ৰণ আৰু বিতৰণ কৰি আহিছে।