মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

ইতিহাস

  • অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড ভাৰতীয় কোম্পানী আইন ১৯৫৬ অনুযায়ী ১৯৭২ বৰ্ষৰ ৩০ মাৰ্চ তাৰিখে অসম চৰকাৰৰ কাৰ্য্যাৰম্ভ চুক্তি অনুসৰি প্ৰতিষ্ঠিত হয়। ইয়াৰ প্ৰধান প্ৰশাসনিক বিভাগ হৈছে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ। ১৯৫০ চনৰ আগতে, কেন্দ্ৰীয় পাঠ্যপুথি সমিতি নামেৰে পৰিচিত এক সমিতি আছিল যি লোক নিৰ্দেশকৰ সঞ্চালক, অসম চৰকাৰৰ লগত সংযুক্ত হৈ পাঠ্যপুথিৰ উত্পাদন সম্বন্ধীয় সকলোবোৰ বিষয় চোৱা-চিতা কৰিছিল। ১৯৫০ চনত অসম চৰকাৰৰ দ্বাৰা মনোনীত ১০ সদস্যৰে সৈতে সমিতি খনৰ নাম সলনি কৰি অসম পাঠ্যপুথি সমিতি ৰখা হয়। ১৯৬৮ চনত অসম চৰকাৰে সেই সমিতিখনক পাঠ্যপুথি উত্পাদন আৰু গৱেষণা পৰিষদ নামেৰে পুনঃগঠিত কৰে। ২৬ জুলাই ১৯৭২ চনত এক অধিসূচনা অনুসৰি পৰিষদখনক পুনৰ বৰ্তমানৰ নিগম ৰূপে ৰূপান্তৰীত কৰা হয়। ওপৰত উল্লেখিত কালক্ৰম অনুসৰি ১৯৭২ বৰ্ষত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড গঠন হয়। এইদৰেই অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক আইনগতভাৱে এক ক্ষমতাপ্ৰাপ্ত সংস্থা হিচাপে স্থাপন কৰা হয় যি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ কাম কৰি আছে।