মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড

লক্ষ্য আৰু অভিযান

আমাৰ লক্ষ্য

অসমৰ ছাত্ৰ সমূদায়ৰ কাৰণে গুণগত মানসম্পন্ন বিদ্যালয়ৰ পাঠ্যপুথিৰ প্ৰকাশন।

অভিযান

উন্নতমানৰ পাঠ্যপুথি, যি মুদ্ৰণ আৰু প্ৰকাশনৰ ক্ৰুটিৰ পৰা মুক্ত আৰু যথা সময়ত অসমৰ ছাত্ৰসকলৰ মাজত উপলব্ধ হয় তাক নিশ্চিত কৰাটোৱেই অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ প্ৰাথমিক লক্ষ্য আৰু উদ্দেশ্য। প্ৰধানত এই লক্ষ্য আগত ৰাখি অসম চৰকাৰে এই নিগমৰ প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰে পৰা নিগমে পাঠ্যপুথিৰ প্ৰকাশ আৰু বিতৰন কৰি আহিছে, যি অসমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি প্ৰণয়নৰ কাৰণে প্ৰস্তুত কৰা হৈছে। পৰৱৰ্তী সময়ত নিগমে ১৯৮৬ বৰ্ষৰ পৰা ভাৰত চৰকাৰৰ দ্বাৰা পৰিকল্পিত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনিক সফলভাৱে ৰূপায়ন কৰি আহিছে। আৰু বৰ্তমান অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ্যপুথি মুদ্ৰণ আৰু বিতৰণ কৰি আহিছে।